Wednesday, December 5, 2012

ফেচবুক বন্ধু সকল,
আৰম্ভ কৰিব খুজিছো এটি নতুন ধাৰা, - ফেচবুকৰ লিমাৰিক।
নাম দিছো- ফেচ্-লিম পঢ়ি চাব, ধৃষ্টতা হলে মাৰ্জনা কৰিব

ফেচ্-লিম্ঃ এক
অসম দেশ বিষম ঠাই
জাতীয় সংগঠনেৰে আছে ঠাঁহ খাই
সমীয়া লিপিক বিজতৰীয়া কৰিলে
ইউনিকডেও ঘূৰি নাচালে
তথাপি কাৰো মাত নাই।

ফেচ্-লিম্ঃ দুই
অসম দেশ বিষম ঠাই
আমাৰো যে শকতি নাই
অন্যভাষীয়ে ৱিকিপিডিয়াত লিখিলে
নানা সমলেৰে চহকী কৰিলে
মাথো আমিবোৰেহে আছো চাই।।

ফেচ্-লিম্ঃ তিনি
অসম দেশ বিষম ঠাই
বিদেশীয়ে নবচালে আমিবোৰ নাই
খ্ৰীষ্টান পাদ্ৰীয়ে আমাক উদ্ধাৰিলে
অৰুণোদই-ৰে পুনৰ জিলিকালে
সেয়ে, ব্ৰনচন-ব্ৰাউন-কট্টৰৰ মুখলৈ আছো চাই ।।

ফেচ্-লিম্ঃ চাৰি
হাড় কঁপোৱা শীত এয়া আঘোণ মহীয়া
চালকৰ আসনত সৌৱা দেখো ঘৰফলীয়া
অকবক উজ্বলাবলৈ তেঁওৰ আছে পণ
সৈনিক হৈ সহায় কৰিবলৈ আমাৰো আছে মন
চাব পিছে ঘৰফলীয়া, নহয় কাৰো ফলিয়া ।।

ফেচ্-লিম্ঃ পাঁচ
দলৰ পৰা উপদল ওলায়
অকবয়ো আছে হিচাব মিলায়
বৰ্ণাশুদ্ধি নিঃসঃ-ই কৰিব কাম
বিশুদ্ধ অকব হলে সকলোৰে নাম
আপদীয়া ভাষাক হলে নিদিব ঠাই ।।